হাইলাকান্দিৰ ১৫ বছৰীয়া কিশোৰীৰ ধৰ্ষণ আৰু নিৰ্মম হত্যাই জোকাৰি গ'ল অসমক!
অসমৰ হাইলাকান্দি জিলাত সংঘটিত এগৰাকী ১৫ বছৰীয়া নাবালিকাৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ লোমহৰ্ষক ঘটনাই সমগ্ৰ ৰাজ্যক স্তম্ভিত কৰি তুলিছে। তথ্য অনুসৰি, ১ আগষ্টৰ নিশা নাবালিকাগৰাকীৰ গাঁৱৰ এখন সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল। সেই সময়ত কিশোৰীগৰাকী অকলে ঘৰলৈ উভতিছিল। মাতৃ ঘৰলৈ উভতি আহিবলৈ কিছু পলম হোৱাৰ সুযোগ লৈ একাংশ দুৰ্বৃত্তই ঘৰলৈ প্ৰৱেশ কৰি এই নৃশংস কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হ’লেও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
পৰিয়াল আৰু স্থানীয় লোকৰ অভিযোগ অনুসৰি, কিশোৰীগৰাকীক যৌন নিৰ্যাতনৰ পিছত অতি নৃশংসভাৱে আক্ৰমণ কৰা হয়। ঘটনাস্থলত উদ্ধাৰ হোৱা পৰিস্থিতিয়ে ঘটনাটোৰ ভয়াবহতাৰ স্পষ্ট ইংগিত দিয়ে। ইটাৰে মূৰৰ লগতে দেহৰ বিভিন্ন অংশত প্ৰহাৰ কৰে ৷ যাৰ ফলত নাবালিকাগৰাকীৰ মূৰটো একেবাৰে ক্ষত-বিক্ষত হৈ পৰে ৷ আনকি ধৰ্ষণকাৰীয়ে নাবালিকাগৰাকীৰ গুপ্তাংগতো ৰ’ড ভৰাই বেয়াকৈ আঘাত কৰে ৷
ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বহু গুৰুত্বপূৰ্ণ প্ৰমাণ সংগ্ৰহ কৰে। ফৰেনছিক বিশেষজ্ঞৰ দলে ঘটনাস্থলীৰ নমুনা সংগ্ৰহ কৰি বৈজ্ঞানিক তদন্ত আৰম্ভ কৰিছে। তদন্ত অধিক ফলপ্ৰসূ কৰিবলৈ বিশেষ অনুসন্ধানকাৰী দল (SIT) গঠন কৰা হৈছে।ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি একাধিক সন্দেহজনক লোকক আটক কৰে। তদন্তৰ অগ্ৰগতিৰ লগে লগে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে, যাৰ ভিতৰত এজন নাবালকো আছে। আৰক্ষীৰ মতে, ফৰেনছিক প্ৰমাণ, ডিজিটেল তথ্য আৰু কল ডাটা বিশ্লেষণৰ সহায়ত তদন্ত আগবঢ়োৱা হৈছে।
সংবাদমাধ্যমত প্ৰকাশিত তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ ভিতৰত ভুক্তভোগীৰ প্ৰাক্তন প্ৰেমিকো আছে। আৰক্ষীৰ সন্দেহ, ঘটনাটো পূৰ্বপৰিকল্পিত হ'ব পাৰে। আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS) আৰু POCSO আইনৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে।এই ঘটনাই সমগ্ৰ অসমত শোক আৰু ক্ষোভৰ সৃষ্টি কৰিছে।
হাইলাকান্দিৰ এই হৃদয়বিদাৰক ঘটনাই পুনৰ এবাৰ সমাজক সোঁৱৰাই দিলে যে, মহিলা আৰু কিশোৰীৰ কেতিয়াও সুৰক্ষিত নহয়।কেতিয়ালৈকে চলি থাকিব এনে নৃশংসতা? প্ৰতিটো ঘটনাৰ পিছত ক্ষোভ, প্ৰতিবাদ আৰু ন্যায়ৰ দাবী শুনা যায়; কিন্তু কেতিয়া আহিব সেই দিন, যেতিয়া অসমৰ প্ৰতিগৰাকী যুৱতী, কিশোৰী নিৰ্ভয়ে জীৱন যাপন কৰিব পাৰিব?"
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments