19 January, Sun 2025
support@thecriticalscript.com
Blog image

অসমীয়া লোককথাৰ ৫ ভয়া লগা পৌৰাণিক চৰিত্ৰ!

19 Nov,2024 06:11 PM, by: Ankita Gogoi
1 minute read Total views: 187
0 Like 0.0

পৃথিৱীৰ প্ৰায় সকলো দেশতে বিভিন্ন ৰূপত কিছুমান অলৌকিক শক্তি আছে বুলি বিশ্বাস কৰা হয়৷ তাৰে ভিতৰত অসমীয়া লোককথাত বহু ভয় লগা বেয়া ভাল পৌৰাণিক চৰিত্ৰ আছে।তাৰে ৫ পৌৰাণিক চৰিত্ৰ তলত উল্লেখ কৰা হৈছে -


বীৰা

লোকবিশ্বাস অনুসৰি বীৰা হৈছে এক প্ৰকাৰৰ ভূত বা আত্মা। বীৰা এক শ্ৰেণীৰ খেতৰ জাতিৰ অপদেৱতা। বহু ডাঙৰ বেজেহে বীৰাক নোহোৱা কৰিব পাৰে বুলি জনা যায়। এই ভূতৰ প্ৰভাৱত কাৰণবিহীন ভাৱে ডাঙৰ শব্দ হোৱা আৰু বস্তু আদিৰ স্থানান্তৰকৰণ বা ধ্বংস আদি হয় বুলি বিশ্বাস কৰা হয়। বীৰা সম্পৰ্কীয় কাল্পনিক বৰ্ণনা সমূহৰ বেছিভাগতে এই ভূতে চিকুটি দিয়ে, কামোৰে, আঘাত কৰে বুলি উল্লেখ আছে। এই বীৰাৰ প্ৰভাৱত আচবাব আৰু বাচন-বৰ্তন আদিৰ আকস্মিক স্থানান্তৰ ঘটা, দুৱাৰত টুকুৰিয়াই দিয়াৰ দৰে শব্দ হোৱা, আকস্মিক ভাৱে বায়ুমণ্ডলৰ চাপৰ পৰিৱৰ্তন ঘটাৰ দৰে ঘটনা আদি ঘটে বুলি লোকবিশ্বাস প্ৰচলিত।

বাঁক

এইবোৰ বিচ্ছিন্ন জলভাগত/নিকটত পোৱা যায় বুলি কোৱা হয়। ই পচি যোৱা মাছ বা পচি যোৱা মাছৰ গোন্ধ ভাল পায় যিয়ে শাৰীৰিক উপস্থিতিৰ ইংগিত দিয়ে। ইয়াৰ শক্তি ইয়াৰ এটা বেগত আছে বুলি কোৱা হয়। কিংবদন্তি অনুসৰি যিয়ে ইয়াক চুৰ কৰিব পাৰে, সি ‘বাক’ৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পাৰে।

বুঢ়া ডাঙৰীয়া

অসমত প্ৰচলিত লোকবিশ্বাসমতে বুঢ়া ডাঙৰীয়া ভয় ভক্তি আৰু সন্মানবোধ জড়িত থকা এক প্ৰকাৰৰ ডাঙৰীয়া। প্ৰচলিত ধাৰণামতে, বুঢ়া ডাঙৰীয়া দেখাত শুৱনি এজন সুপুৰুষৰ আকৃতিৰ অলৌকিক শক্তি৷বট, আঁহত, জৰী আদি ওখ গছত বুঢ়া ডাঙৰীয়াৰ বাস৷ বুঢ়া ডাঙৰীয়াই বগা ধুতী, কামিজ পিন্ধি গাত চেলেং চাদৰ লয় আৰু মূৰত মথুৰা পাগ মাৰি ঘোঁৰাত উঠি ফুৰে।বুঢ়া ডাঙৰীয়াক বহুতে পৌৰাণিক চৰিত্ৰ শিৱৰ সৈতে সাঙুৰিব খোজে৷ অন্যান্য অলৌকিক শক্তিৰ দৰে বুঢ়া ডাঙৰীয়াই সহজে আনৰ অপকাৰ নকৰে বুলি বিশ্বাস কথা হয়।

যখিনী

অসমীয়া লোককথাৰ এটি চৰিত্ৰ। চুলি দীঘল আৰু ভয়লগা মুখৰ নাৰী।

বৰদৈচিলা 

চ’ত মাহৰ পৰা ব’হাগ মাহলৈকে অসমত বৰদৈচিলাৰ প্ৰভাৱ পৰিলক্ষিত হয়। ই এই সময়ত অহা এক ধুমুহাৰ নাম।চ’তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়৷ সেইয়ে গছ-গছনি ঘৰ দুৱাৰ নিয়ে উৰুৱাই৷ প্ৰতি বছৰ বৰদৈচিলাৰ কবলত ঘৰ, খেতিপথাৰৰ ক্ষতি হয়।বৰদৈচিলা নামৰ অৰ্থলৈ বিভিন্ন মতভেদ আছে।


Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.