
অসমৰ প্ৰথমখন ৰেল ষ্টেচনৰ বিষয়ে জানেনে?
অসমৰ প্ৰথমখন ৰেল ষ্টেচন আছিল ডিব্ৰু-শদিয়া ৰেলৱেৰ অন্তৰ্গত ডিব্ৰুগড়ৰ মোহনামুখৰ পৰা জয়পুৰলৈ যোৱা পথৰ মাজত থকা এটা ষ্টেচন, যি ১৮৮২ চনৰ ১ মে'ত প্ৰথমবাৰৰ বাবে পথৰ ওপৰেৰে যাত্ৰা কৰিছিল।ব্ৰিটিছ অসমৰ প্ৰথম ৰেল প্ৰতিষ্ঠান। ইয়াত চাহ, কয়লাৰ লগতে যাত্ৰী পৰিবহণৰ উদ্দ্যেশে এই ৰেলপথটো জন বেৰী হোৱাইটৰ প্ৰচেষ্টাত গঠন হোৱা "আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী"য়ে নিৰ্মাণ কৰিছিল। ১৮৮৩ চনৰ ১৬ জুলাইত ডিব্ৰুগড়ৰ পৰা মাকুমলৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা ৪০ মাইল পথত ৰেলৰ চলাচল আৰম্ভ হয়। ১৯৪৫ চনত চনত ডিব্ৰু-শদিয়া ৰেলৱেক 'বেংগল আসাম ৰেলৱে'ত অন্তৰ্ভুক্ত কৰা হয়।
১৮৭০ৰ দশকত, অবিভক্ত ডিব্ৰুগড় জিলাৰ ৬০খন চাহবাগিচাত উৎপাদিত চাহ, বিভিন্ন যন্ত্ৰ-পাতি, ৰচদ, কয়লা আদি পৰিবহণৰ সুবিধাৰ্থে, এজন চাহ খেতিয়ক আৰু অৱসৰপ্ৰাপ্ত সেনা বিষয়া বেৰী হোৱাইটে নেৰ’গজ ৰেলপথ স্থাপনৰ অনুমতিৰ বাবে চৰকাৰৰ ওচৰত আবেদন কৰে। ভাৰত চৰকাৰে এই প্ৰস্তাৱ অনুমোদন কৰাত, হোৱাইটে লণ্ডনলৈ গৈ এজন কোম্পানী পঞ্জীয়ন কৰে। কিন্তু কোম্পানীৰ শ্বেয়াৰ কিনাত ৰাইজৰ প্ৰত্যাশিত সঁহাৰি নোপোৱাত, বিপুল লোকচানৰ ফলত এই প্ৰচেষ্টা অবশেষত বন্ধ হৈ যায়।
বিখ্যাত ৰেলপথ নিৰ্মাণ অভিযন্তা বেঞ্জামিন পিয়াৰ্চিয়ে তেওঁৰ ভায়েক ৰবাৰ্ট' পিয়াৰ্চি আৰু এডুৱাৰ্ড উইলচনক উজনী অসমত চৰ-জমিন পৰ্যবেক্ষণৰ বাবে প্ৰেৰণ কৰে। তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে ১ মিটাৰ বহল ৰেলপথ নিৰ্মাণ কৰাৰ লগতে কয়লা উৎপাদনৰ অনুমোদন দিয়ে। এই পৰিকল্পনাত বেঞ্জামিন পিয়াৰ্চিয়ে সম্মতি জনাই। ফলস্বৰূপে, ৩০ জুলাই ১৮৮১ তাৰিখে 'আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী' গঠন কৰি ৰেলপথ নিৰ্মাণৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। ১ মে' ১৮৮২ত ডিব্ৰুগড়ৰ পৰা জয়পুৰ ৰোডলৈ প্ৰথম ৰেল ইঞ্জিন চলোৱা হয়। ইতিমধ্যে মাকুম অভিমুখে ৰেলপথ নিৰ্মাণ সম্পন্ন হোৱাৰ ফলত ১৬ জুলাই ১৮৮৩ৰ পৰা ডিব্ৰুগড়-মাকুম ৰেল সংযোগ স্থাপন হয়।
ৰবাৰ্ট পিয়াৰ্চিৰ মত অনুসৰি, লিডু কয়লাখনিৰ গুৰুত্ব বৃদ্ধি পোৱাৰ ফলত, মাকুমৰ পৰা বুঢ়ীদিহিঙলৈ ৰেলপথ বিস্তাৰলৈ বিশেষ গুৰুত্ব দিয়া হয়। ১৮৮৪ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে, দিহিং নৈত নিৰ্মিত কাঠৰ দলঙৰ ওপৰেৰে এখন বিশেষ ৰেল ডিব্ৰুগড়ৰ পৰা লিডুলৈ গমন কৰে।
আনহাতে, মাকুমৰ পৰা চৈখোৱাঘাটলৈ শাখাপথৰ নিৰ্মাণৰ কামো দ্ৰুতগতিত অগ্ৰসৰ হৈছিল। সেই একেটা বছৰৰ ২ মে’ তাৰিখে ডুমডুমালৈ ৰেলপথ খুলিব পৰা হৈছিল। পিছলৈ, এই পথটো ১৮৮৫ চনত তালাপলৈ আৰু ১৯০৯ চনত অন্তিম ষ্টেচন চৈখোৱাঘাটলৈ বিস্তাৰ কৰা হয়।
১৯৪২ চনৰ ৰেল মানচিত্ৰ অনুসৰি এই ৰেলৰ মুখ্য পথটো ডিবৰুমুখৰ পৰা আৰম্ভ হৈ লিডুত শেষ হৈছিল। এই পথৰ মুখ্য ষ্টেচনবোৰ- ডিব্ৰুগড়, চাবুৱা, তিনিচুকীয়া, মাকুম, ডিগব, মাৰ্ঘেৰিটা আৰু লিডু। মাকুম জংচনৰ পৰা আন এটা শাখা গৈছিল চৈখোৱাঘাটলৈ। শাখাপথৰ মুখ্য ষ্টেচনবোৰ আছিল- বৰা-হাপজান, ডুমডুমা, তালাপ, ডাঙৰী আৰু চৈখোৱাঘাট। ১৯০৩ চনত আসাম বেংগল ৰেলৱে তিনিচুকীয়ালৈ সম্প্ৰসাৰণ কৰাত এই ষ্টেচনটো ডিব্ৰু-শদিয়া ৰেলৱে আৰু আসাম বেংগল ৰেলৱেৰ জংচন ষ্টেচনলৈ ৰূপান্তৰিত হৈছিল। মাৰ্ঘেৰিটাৰ পৰা এটা ৰেলপথ নামদাং আৰু লিডুৰ পৰা এটা ৰেলপথ টিপংপানী কয়লাক্ষেত্ৰলৈ গৈছিল।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments