19 January, Sun 2025
support@thecriticalscript.com
Blog image

আনন্দী গোপাল যোশী ভাৰতৰ প্ৰথম মহিলা চিকিৎসক

21 Sep,2023 05:35 PM, by: Ankita Gogoi
1 minute read Total views: 761
0 Like 0.0

 

আজি চিকিৎসা খণ্ডত বৃহৎ সংখ্যক মহিলা কাম কৰি আছে। কিন্তু ১৫০ বছৰ আগতে মহিলাসকলে চিকিৎসক হোৱাৰ কথাও ভাবিব পৰা নাছিল। এনে পৰিবেশত আনন্দীবাই গোপালৰাও যোশীয়ে ভাৰতৰ প্ৰথম মহিলা চিকিৎসক হৈ ইতিহাসৰ সৃষ্টি কৰিছিল।১৮৬৫ চনৰ ৩১ মাৰ্চত পুনে জিলাৰ এটা গতানুগতিক জমিদাৰ পৰিয়ালত ড° আনন্দী গোপাল যোশীৰ জন্ম হৈছিল। মাত্ৰ ৯ বছৰ বয়সতে আনন্দীৰ বিবাহ হৈছিল ২৫ বছৰীয়া বিদুৰ গোপালৰাও যোশীৰ সৈতে। ইয়াৰ পিছত ১৪ বছৰ বয়সত মাতৃ হৈ পৰে। কিন্তু জন্মৰ মাত্ৰ ১০ দিনৰ পিছতে শিশুটিৰ মৃত্যু হয়। সন্তানৰ মৃত্যুত আনন্দীয়ে ইমানেই দুখ পাইছিল যে ডাক্তৰ হোৱাৰ সিদ্ধান্ত লৈছিল। এই লক্ষ্যত উপনীত হোৱাত তেওঁ স্বামী গোপালৰাও যোশীৰ পৰাও সম্পূৰ্ণ সমৰ্থন লাভ কৰে।

আনন্দীয়ে ১৪ বছৰ বয়সলৈকে কেতিয়াও স্কুললৈ যোৱা নাছিল। কিন্তু যেতিয়া তেওঁ ডাক্তৰ হোৱাৰ সিদ্ধান্ত ললে, তেতিয়া তেওঁৰ স্বামীয়ে আনন্দীৰ মিছনেৰী স্কুলত নামভৰ্তি কৰি দিলে। এইদৰেই তেওঁৰ শিক্ষাৰ প্ৰক্ৰিয়া আৰম্ভ হল।ইয়াৰ পিছত যেতিয়া তেওঁৰ স্বামী কলিকতালৈ বদলি হ, তেতিয়া আনন্দীযও তেওঁৰ লগত গৈছিল। য'ত তেওঁ সংস্কৃত আৰু ইংৰাজী পঢ়িবলৈ আৰু ক'বলৈ শিকিছিল। ইয়াৰ পিছত ১৮৮০ চনত তেওঁৰ স্বামীয়ে এখন চিঠিত এগৰাকী আমেৰিকান মিছনেৰীক সুধিছিল যে তেওঁ তাতেই চিকিৎসা বিজ্ঞান পঢ়াৰ সম্পৰ্কে শিক্ষা অব্যাহত ৰাখিবৰ পাৰে নেকি বুলি এজন বিখ্যাত মিছনেৰী ৰয়েল ৱাইল্ডাৰলৈ এখন চিঠি প্ৰেৰণ কৰে। আনকি স্বামী তেওঁৰ লগত থাকিব পৰাকৈ নিজৰ বাবে উপযুক্ত পেছা এটা বিচাৰি উলিয়াবলৈও চেষ্টা কৰিছিল। কিন্তু, ১৮৮৩ চনত গোপালৰাও যোশীয়ে আনন্দীক অকলে আমেৰিকালৈ যাবলৈ বুজাই দিলে।ইয়াৰ পৰা তথ্য পাই আনন্দী মেডিচিন পঢ়িবলৈ আমেৰিকালৈ যায়।আনন্দীয়ে আমেৰিকাৰ পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। ২১ বছৰ বয়সত তেওঁ এম ডি ডিগ্ৰী লাভ কৰে। এম ডি ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। পঢ়া-শুনা সমাপ্ত কৰি ভাৰতলৈ উভতি আহি পিছলৈ ৰাজকীয় ৰাজ্য কলহাপুৰৰ এলবাৰ্ট এডৱাৰ্ড হাস্পতালৰ মহিলা ৱাৰ্ডৰ দায়িত্বত থকা চিকিৎসক হিচাপে কাম কৰে।চিকিৎসা বিজ্ঞান পঢ়াৰ পিছত আনন্দিবাইয়ে অতি কম সময়ৰ বাবে মানুহৰ সেৱা কৰাৰ সুযোগ পালে। চিকিৎসালয় আৰম্ভ কৰাৰ আগতেই তেওঁ টিবিৰ বলি হৈছিল। ১৮৮৭ চনৰ ২৬ ফেব্ৰুৱাৰীত মাত্ৰ ২২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

আনন্দীবাইৰ লগত মৰমৰ বান্ধোন থকা ইংলেণ্ডৰ থিও ডেচিয়াই আনন্দিৰ সমাধি পঠিয়াবলৈ গোপালৰাওক অনুৰোধ কৰিছিল। যিটো তেওঁ পৰিয়ালৰ সৈতে নিউয়ৰ্কৰ কবৰস্থানত সমাধিস্থ কৰিছিল। এই কবৰৰ মূৰৰ শিলত লিখা আছিল আনন্দীবাই যোশী এম ডি (১৮৬৫- ১৮৮৭), ভাৰতৰ প্ৰথম মহিলা চিকিৎসক।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.