18 April, Fri 2025
support@thecriticalscript.com
Blog image

আমৰলি পৰুৱা টোপ ৰঙালীৰ অন্যতম পৰম্পৰাগত খাদ্য!

11 Apr,2025 11:51 AM, by: Ankita Gogoi
1 minute read Total views: 91
0 Like 0.0

আজি গৰু বিহু।প্ৰাণৰ উৎসৱ ৰঙালী বিহুৰ আৰম্ভণি হয় গৰু বিহুৰে। এই দিনটোত বিশেষভাৱে কিছুমান পৰম্পৰাগত খাদ্য সংগ্ৰহ কৰা দেখা যায়।তেনে এটা বিশেষ খাদ্য হ’ল আমৰলি পৰুৱাৰ টোপ। এই টোপ উচ্চ প্ৰ’টিনযুক্ত বুলি জনা যায়। প্ৰ’টিন, ফাইবাৰ, মেগনেছিয়াম, ক্ল’ৰিণ, ভিটামিন বি, ফেট, ফছফৰাছ, ছ’ডিয়াম, জিংক আদি উপাদানেৰে সমৃদ্ধ আমৰলি পৰুৱাৰ টোপ।লোকবিশ্বাস অনুসৰি, গৰু বিহুৰ দিনা আমৰলি পৰুৱাৰ টোপ খালে বছৰটো দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

এই বিশ্বাসৰ বাবে বহু মানুহে আমৰলি পৰুৱাৰ এই টোপ সংগ্ৰহ কৰে। আমৰলি পৰুৱাৰ টোপৰ খাদ্য উপকৰণ প্ৰস্তুত কৰিবলৈ একাপ আমৰলি টোপৰ লগত এটা পিঁয়াজ, জলকীয়া, তেল, গৰম মচলা, জিৰা গুৰি, ধনিয়া গুৰি, হালধি আৰু নিমখৰ প্ৰয়োজন।

ইয়াৰ উপৰিও, আমৰলি পৰুৱাৰ কণী আৰু অপত্য পলুবোৰ সংগ্ৰহ কৰি পাতত দি নাইবা হাঁহ কিম্বা কুকুৰাৰ কণী, ৰঙালাওৰ অপুষ্পক ফুল, কণ বিলাহীৰ সৈতে ভাঁজি পৰিবেশন কৰা হয় ।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.