19 April, Sat 2025
support@thecriticalscript.com
Blog image

আহোম মুদ্ৰা: এক ঐতিহাসিক দৰ্শন!

20 Mar,2025 05:32 PM, by: Ankita Gogoi
1 minute read Total views: 143
0 Like 0.0

আহোমসকল বৃহত্তৰ টাই জনগোষ্ঠীৰ অন্তৰ্গত এটা গোট। আহোমসকলৰ প্ৰথমগৰাকী ৰজা চুকাফা ১২২৮ খ্ৰীষ্টাব্দত বৰ্তমানৰ দক্ষিণ-পশ্চিম চীনদেশৰ মৌঙ মাও ৰাজ্যৰ পৰা অসমত আহিছিল বুলি জনা যায়। যদিও ইতিহাস অনুসৰি বামুনি কোঁৱৰ অথবা চুডাংফা (১৩৯৭-১৪০৭ খ্ৰী.)ৰ সময়ত শিঙৰীঘৰত প্ৰথমবাৰৰ বাবে আহোম মুদ্ৰা মুদ্ৰণ কৰা হৈছিল বুলি উল্লেখ আছে, তথাপি বামুনি কোঁৱৰৰ পৰা স্বৰ্গদেও প্ৰতাপসিংহ তথা চুচেংফাৰ দিনলৈকে মুদ্ৰণ কৰা কোনো আহোম মুদ্ৰাৰ প্ৰমাণ এতিয়ালৈকে পোৱা হোৱা নাই।

চুকাফাৰ আগমনৰ চাৰি শতিকা পাৰ হোৱাৰ পিছত, ১৬৪৮ খ্ৰীষ্টাব্দত স্বৰ্গদেও জয়ধ্বজৰ সময়ত মোগল মুদ্ৰাৰ ধৰণ অনুসৰি মুদ্ৰিত আহোম মুদ্ৰাই এতিয়ালৈকে আৱিষ্কৃত আটাইতকৈ পুৰণি আহোম মুদ্ৰা বুলি জনা যায়। প্ৰথম আহোম মুদ্ৰাৰ তথ্য ফ্ৰেঞ্চ অভিযাত্রী টভেৰনিয়াৰ (১৬০৫-১৬৮৯ খ্ৰী.)ৰ Six Voyages (১৬৭৬) নামৰ গ্ৰন্থত অংকিত এখন আহোম মুদ্ৰাৰ পৰা পোৱা যায়।

ইয়াৰ উপৰিও কাশীনাথ তামুলি ফুকনৰ অসম বুৰঞ্জীত আহোম মুদ্ৰা মুদ্ৰণ সম্পৰ্কে উল্লেখ পোৱা যায়। তাত উল্লেখ অনুসৰি, স্বৰ্গদেও প্ৰতাপসিংহৰ সময়ত সুন্দৰ গোঁহাই আৰু কেইগৰাকীমান লোকক কোঁচবিহাৰলৈ পঠিয়াইছিল, যিয়ে তাত মুদ্ৰা মুদ্ৰণৰ পদ্ধতি অধ্যয়ন কৰিছিল। সেই অভিজ্ঞতাৰে তেওঁলোকে আহোম ৰাজসভালৈ উভতি আহি এই প্ৰযুক্তি স্বৰ্গদেও প্ৰতাপসিংহক অৱগত কৰাই আৰু তাৰ ফলস্বৰূপে অসমত আহোম মুদ্ৰা মুদ্ৰণ প্ৰচলন হয়।

১৭শ শতিকাৰ মাজভাগত স্বৰ্গনাৰায়ণ দ্বিতীয় তথা স্বৰ্গদেও জয়ধ্বজ সিংহ (চুতামলাই)ৰ শাসনকালত আহোম মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয়। এই সময়তে প্ৰথমবাৰৰ বাবে সোণ আৰু ৰূপৰ মুদ্ৰা মুদ্ৰিত কৰা হয়, যাক "এটোলা" (ওজন প্ৰায় ১১.৬ গ্ৰাম) বুলি জনা যায়। উল্লেখযোগ্যভাৱে, এই মুদ্ৰাত অসমীয়া ভাষাত হৰি-হৰ নাম খোদিত হৈছিল। মুদ্ৰাটোৰ তলত ১৫৭০ শকাব্দ (১৬৪৮ খ্ৰীষ্টাব্দ) উল্লেখিত আছিল, যি জয়ধ্বজ সিংহৰ ৰাজভাৰ গ্ৰহণৰ বছৰ।

জয়ধ্বজ সিংহৰ সময়ত আহোমসকলে চীনৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিবলৈ 'জিং-বাও' শব্দ লিখি চীনা ভাষাতো মুদ্ৰা মুদ্ৰিত কৰিছিল বুলি জনা যায়। যদিও পাছলৈ নেপাল আৰু তিব্বতৰ মাজত হোৱা এক চুক্তিৰ ফলত এই প্ৰকাৰৰ মুদ্ৰা মুদ্ৰণ বন্ধ হৈ যায়।

আহোম মুদ্ৰাৰ বিশেষ বৈশিষ্ট্য আছিল ইয়াৰ আঁঠটা কোণ বিশিষ্ট (অষ্টভোজাকৃতি) আকৃতি, যাক আহোমসকলৰ পৰম্পৰাগত বিশ্বাস অনুসৰি ধৰা হয়। মুদ্ৰাবোৰত সাধাৰণতে হিন্দু দেৱ-দেৱীৰ নাম অঙ্কিত থকাতকৈও বহুতে ইয়াক আহোমৰ পৌৰাণিক ধৰ্মৰ অংশ হিচাপে বিবেচনা কৰে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.