19 January, Sun 2025
support@thecriticalscript.com
Blog image

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই তৃতীয় বিশ্বযুদ্ধৰ সূচনা কৰিব নেকি?

20 Feb,2022 12:23 PM, by: Jyoti Rekha Kalita
1 minute read Total views: 916
7 Likes 5.0


যুদ্ধ হয়তো বাধ্যতামূলক হৈ পৰে যেতিয়া দুখন দেশে নিজৰ অস্তিত্বৰ বাবে যুঁজ কৰিব লগা হয়। যোৱা কেইবাসপ্তাহৰ পৰা খবৰ প্ৰকাশ পাই আহিছে যে ৰাছিয়া আৰু ইউক্ৰেইন, এই দুইখন দেশৰ মাজত হোৱা সংঘাতৰ ফলত তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ’ব পাৰে। ইউক্ৰেইনৰ সীমাৰেখাত ৰাছিয়াই এক লাখতকৈও অধিক সৈন্য নুনকৈ সংযোজিত কৰিছে। দুইখন দেশৰ মাজত সীমা অতিক্ৰম কৰাক লৈ কোনো শংকা নাই বৰঞ্চ, ৰাছিয়াই সমগ্ৰ ইউক্ৰেইন দেশখনেই দখলীকৰণ কৰি ল’ব পাৰে বুলি শংকা প্ৰকাশ পাইছে। যাৰ ফলস্বৰূপে ইউক্ৰেইনৰ কোনো অস্তিত্বই নাথাকিব। ইউৰোপিয়ান দেশসমূহ আৰু আমেৰিকাই এইক্ষেত্ৰত ৰাছিয়াক সকিয়াই দিছে যে এনে কৰিলে তেওঁলোকে ৰাছিয়াৰ বিৰুদ্ধে বেলেগ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব। আনহাতে চাইনাৰ দৰে দেশে এইক্ষেত্ৰত ৰাছিয়াক সমৰ্থন কৰিছে। ইয়াৰ পৰা বুজিব পাৰি যে পৃথিৱীৰ সকলো ডাঙৰ দেশ এইক্ষেত্ৰত একগোট হৈছে আৰু ইয়াৰ ফলত তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ’ব বুলিও চৰ্চিত হৈছে।

ৰাছিয়াৰ সামৰিক গঠনক লৈ NATO শংকিত হৈ পৰিছে। ৰাছিয়াই কেইবা সপ্তাহ ধৰি ইউক্ৰেইনৰ সীমান্তত সৈন্য আৰু টেংক সংযোজিত কৰি আছে। উদ্বেগ প্ৰকাশ কৰি NATO এ কয়, ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ প্ৰস্তুতি চলাব পাৰে। যদি ৰাছিয়াৰ সৈন্যই সীমান্ত অতিক্ৰম কৰে, তেন্তে ইউক্ৰেইনৰ সৈন্যই নিজকে ৰক্ষা কৰিবলৈ প্ৰস্তুতি চলাইছে। ৰাষ্ট্ৰপতি জো বিদেনে কৈছিল, "যদি ই ইউক্ৰেইন আক্ৰমণ কৰে, তেন্তে ইয়াৰ গুৰুতৰ পৰিণাম হ'ব।" তেওঁ ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ এখন বিৰল বৈঠক আহ্বান কৰিব। NATO চেক্ৰেটেৰী জেনেৰেল জেনছ্ ষ্টলটেনবাৰ্গে শনিবাৰে জাৰ্মান ৰাজহুৱা সম্প্ৰচাৰক এ.আৰ.ডি.-ক কৈছিল যে সকলো লক্ষণে ৰাছিয়াক ইউক্ৰেইনৰ ওপৰত সম্পূৰ্ণ আক্ৰমণৰ পৰিকল্পনা কৰিছে বুলি সূচায়।

আমি এই সংঘাতৰ বিষয়ে বিতংভাৱে জানিবলৈ হ’লে অলপ গভীৰতালৈ যাব লাগিব। মই আৰম্ভ কৰোঁ ১৯৯১ চনৰ পৰা, যেতিয়া USSR অথবা ছভিয়েট ইউনিয়নৰ বিভক্ত হৈছিল ১৫ খন গণতান্ত্ৰিক দেশলৈ। ইয়াৰ মাজত আটাইতকৈ ডাঙৰ দেশখন আছিল ৰাছিয়া। ইউক্ৰেইনো ছভিয়েট ইউনিয়নৰ অধীনৰ এখন দেশ আছিল। এইখিনিতে এনে লাগিব যে ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ সৈতে বহু মিল আছে এই কাহিনীৰ, কাৰণ এই তিনিখন দেশো এসময়ত এখন দেশৰ দৰেই আছিল। সেয়েহে বহুলোকে এই দুখন দেশ পুনৰ একলগ হোৱাত কোনো ভুল নেদেখিব। কিন্তু এয়া এক সঠিক তুলনা নহয়।

চন ১৯২১ ত লেনিনৰ ৰঙা সৈন্যই ইউক্ৰেইনত আক্ৰমণ চলাইছিল। ৰাছিয়াৰ এই সাম্যবাদী বিপ্লৱৰ পিছত ১৯২২ চনত USSR ৰ স্থাপন কৰা হৈছিল, যিটো ১৫ খন বিভিন্ন সমাজবাদী গণতান্ত্ৰিক দেশৰ সমষ্টি আছিল। আৰু আমি জানো যে ইয়াৰ মাজৰে এখন আছিল ইউক্ৰেনিয়ান ছভিয়েট সমাজবাদী গণতন্ত্ৰ।

এতিয়া প্ৰশ্নটো হ’ল, ইয়াৰ আগতে ইউক্ৰেইন কি আছিল? ১৯৩২-৩৩ চনত ছোভিয়েট একনায়ক জোচেফ ষ্টেলিনৰ দ্বাৰা প্ৰেৰিত দুৰ্ভিক্ষৰ বলি হোৱা আৰু চাৰনোবিল পাৰমাণৱিক দুৰ্যোগৰ বাবেও ইউক্ৰেইন জনাজাত। তাৰোপৰি, ইউক্ৰেইন আছিল এখন স্বাধীন দেশ। কিন্তু ই ৰুছ সাম্ৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰিছিল লেনিনৰ আক্ৰমনৰ মাথো তিনিবছৰ আগতে ১৯১৮ চনত। ৰুছ সাম্ৰাজ্যক ৰুছী বিপ্লৱী সকলৰ দ্বাৰা সমূলি নিশেষ কৰা হৈছিল ১৯১৭ চনত। বহুতে ইউক্ৰেইনক অঞ্চলটোৰ অৰ্থোডক্স খ্ৰীষ্টান ধৰ্মৰ জন্মস্থান বুলি গণ্য কৰে। ৰাছিয়াৰ পিছত ইউক্ৰেইন সম্ভৱতঃ আটাইতকৈ গুৰুত্বপূৰ্ণ ছোভিয়েট গণৰাজ্য আছিল। ইয়াৰ পৰা বুজা যায় যে, ইউক্ৰেইন প্ৰথমতে ৰুছ সম্ৰাজ্যৰ অংশ আছিল, পিছত ই স্বাধীনতা লাভ কৰিলে আৰু যিসকল বিপ্লৱীয়ে ৰুছ সাম্ৰাজ্য ধংস কৰিছিল, তেওঁলোকেই পুনৰ ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰে। ইুক্ৰেইনৰ কিছু সংখ্যক লোক একেলগ হব খোজে ছভিয়েট ইউনিয়নৰ সৈতে আৰু আন কিছু সংখ্যক লোকে নিজকে ৰাছিয়াৰ অংশ বুলি ভাবে, তেওঁলোকে ভাবে, ৰুছসকল আৰু ইউক্ৰেইনৰ লোকসকল পৰম্পৰাগতভাৱে প্ৰায় একেই। তেওঁলোকৰ ধৰ্মৰ মাজতো বিশেষ একো পাৰ্থক্য নাই।

১৬ ডিচেম্বৰ, ২০২১ ত NATO অধ্যক্ষ আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি এটি আলোচনাত বহে। তাত NATO এ কয়, তেওঁলোকে ৰুছ দেশৰ আপত্তি স্বত্তেও ইউক্ৰেইনক সহযোগ কৰিব। পুটিনে ভিডিও মাধ্যমেৰে জো বিদেনৰ সৈতে এটি আলোচনাত বহে, ১৩ ডিচেম্বৰ, ২০২১ ত ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ্ জনছনৰ সৈতে কথা হয় আৰু ১৪ ডিচেম্বৰত ফোনত কথা হয় ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন্ আৰু ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰ সৈতে। আৰু সকলোৰে আগত এটাই কথা তেওঁ ব্যক্ত কৰে, “আমাক কথা দিয়ক ইউক্ৰেইন NATO ৰ অংশ কেতিয়াও নহয় বুলি।“ আৰু NATO এই কথা মানি ল’ব যেন বোধ নহয়। তেওঁলোকে ক’লে ইউক্ৰেইন এখন স্বাধীন সমাজবাদী গণতান্ত্ৰিক দেশ আৰু তেওঁলোকে NATO ৰ অংশ হ’ব নে নাই, সেই বিষয়ে নিজৰ দেশৰ সিদ্ধান্ত নিজে লোৱাৰ অধিকাৰ আছে। তেতিয়া পুটিনে উত্তৰত কৈছিল, “আপোনালোকে ভালভাৱে মানি যাওক নহ’লে আমি বেলেগ পন্থা ল’বও জানো।“ লগতে ৰাছিয়াই ইউক্ৰেইনৰ প্ৰতি কয় যে, পূবস্তৰীয় ইউক্ৰেনিয়ান সকলৰ ওপৰত ইউক্ৰেইনে অত্যাচাৰ চলায় কাৰণ সেই অংশৰ মানুহে ৰাছিয়াক সহযোগ কৰে। আৰু সেইকাৰণে ৰাছিয়াই নিজৰ সৈন্য আৰু অস্ত্ৰ-সস্ত্ৰ ইউক্ৰেইনৰ সীমান্তত সংযোজিত কৰিছে। আৰু আক্ৰমণ কৰাটো ৰাছিয়াৰ বাবে অসম্ভৱ নহয় কাৰণ ৰুছে ২০১৪ চনতো ক্ৰিমিয়াৰ সৈতে এনে কৰি থৈছে। পুটিনে অভিযোগ কৰিছে যে ৰাছিয়াৰ "পিছুৱাবলৈ আৰু কোনো ঠাই নাই - তেওঁলোকে ভাবে নেকি যে আমি কেৱল নিৰপেক্ষভাৱে বহি থাকিম?" ৰাষ্ট্ৰপতি পুটিনে লগতে যুক্তি দিছে যে যদি ইউক্ৰেইন নাটোত যোগদান কৰে, মিত্ৰজোঁটটোৱে ক্ৰিমিয়া পুনৰ দখল কৰিবলৈ চেষ্টা কৰিব পাৰে। তেওঁৰ আন মূল দাবীবোৰ হ'ল যে নাটোৱে "ৰাছিয়াৰ সীমাৰ ওচৰত আক্ৰমণকাৰী অস্ত্ৰ" যেন নিয়োজিত নকৰে, আৰু ই ১৯৯৭ চনৰ পৰা মিত্ৰতাত যোগদান কৰা সদস্য ৰাষ্ট্ৰসমূহৰ পৰা বাহিনী আৰু সামৰিক আন্তঃগাঁথনি আঁতৰ কৰে। ইয়াৰ অৰ্থ হৈছে মধ্য ইউৰোপ, পূৱ ইউৰোপ আৰু বাল্টিক। বাস্তৱত ৰাছিয়াই নাটোক ইয়াৰ ১৯৯৭ চনৰ পূৰ্বৰ সীমালৈ ঘূৰি অহাটো বিচাৰে।

২০১৪ চনৰ আৰম্ভণিতে ৰাছিয়াপন্থী ৰাষ্ট্ৰপতিক পদচ্যুত কৰাৰ সময়ত ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰিছিল। ইয়াৰ পিছত পূবৰ যুদ্ধত ১৪,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল। আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি পুটিনৰ সমৰ্থিত বিদ্ৰোহীসকলে পূবৰ বৃহৎ অংশ দখল কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁলোকে ইউক্ৰেইনৰ সেনাৰ সৈতে যুঁজ দি আহিছে। এক আন্তৰ্জাতিক শান্তি চুক্তি হৈছিল কিন্তু সংঘৰ্ষ অব্যাহত আছে আৰু সেয়েহে ৰাছিয়াৰ নেতাই কয় যে তেওঁ দুটা বিদ্ৰোহী অধিকৃত অঞ্চললৈ সৈন্য প্ৰেৰণ কৰিছে। ৰাষ্ট্ৰসংঘৰ মহাসচিবে ৰাছিয়াৰ শান্তিৰক্ষী শব্দৰ ব্যৱহাৰক স্পষ্টভাৱে অস্বীকাৰ কৰিছে।

পশ্চিমে বিশ্বাস কৰে যে মস্কোৱে ইউক্ৰেইনত এক আসন্ন, নতুন আক্ৰমণৰ পৰিকল্পনা কৰিছে, যি হৈছে ৰাছিয়া আৰু ইউৰোপীয় ইউনিয়ন দুয়োৰে সীমান্তৱৰ্তী 44 নিযুত লোকৰ দেশ। আৰম্ভণিৰ বাবে, বিচ্ছিন্নতাবাদী নিয়ন্ত্ৰিত ডনেটস্কত টেংক আহি পোৱাৰ খবৰ পোৱা গৈছে আৰু শেহতীয়া উপগ্ৰহ ফটোবোৰত ইউক্ৰেইনৰ সীমাৰ অলপ দূৰত্বৰ ভিতৰত ৰাছিয়াৰ সৈন্য মোতায়েন কৰা দেখা গৈছে।

ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনক সতৰ্ক কৰি দিছিল যে যদি ই পূবত শত্ৰুতা বন্ধ নকৰে তেন্তে ই অধিক ৰক্তপাতৰ বাবে দায়বদ্ধ হ'ব। কিন্তু ইতিমধ্যে কেইবাটাও ভুৱা ঘটনা সংঘটিত হৈছে আৰু তাৰে যিকোনো এটা ৰাছিয়ান আক্ৰমণৰ অজুহাত হিচাপে ব্যৱহাৰ কৰিব পাৰি।

ৰাছিয়াৰ অন্য সাম্ভাব্য আক্ৰমণৰ পথ চাইবাৰ আক্ৰমণো হ'ব পাৰে। ইউক্ৰেইনৰ চৰকাৰী ৱেবছাইটসমূহ জানুৱাৰীত তললৈ নামি গৈছিল আৰু ফেব্ৰুৱাৰীৰ মাজভাগত ইউক্ৰেইনৰ দুটা বৃহৎ বেংক বিপদগ্রস্ত হৈছিল।

বৰ্তমানলৈ ফ্ৰান্স আৰু আমেৰিকাই ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ সৈতে পৰিকল্পিত আলোচনা বাতিল কৰিছে। কিন্তু ফ্ৰান্স আৰু জাৰ্মানী দুয়োটাই কয় যে আলোচনাৰ সম্ভাৱনা মুকলি। আমেৰিকা যুক্তৰাষ্ট্ৰই হ্ৰস্ব আৰু মজলীয়া দূৰত্বৰ ক্ষেপণাস্ত্ৰ সীমিত কৰাৰ লগতে আন্তঃমহাদেশীয় ক্ষেপণাস্ত্ৰৰ ওপৰত এক নতুন চুক্তিৰ ওপৰত আলোচনা আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছিল। ৰাছিয়াই বিচাৰিছিল যে সকলো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাৰমাণৱিক অস্ত্ৰ তেওঁলোকৰ ৰাষ্ট্ৰীয় অঞ্চলৰ বাহিৰৰ পৰা নিষিদ্ধ কৰা হ'ব। এইখিনিতে তলত দিয়া দিয়া ফটোখনৰ জৰিয়তে দুয়োখন দেশৰ সৈন্য আৰু অস্ত্রৰ পৰিমাণ দেখুওৱা হৈছে। 




শেষত, ইউক্ৰেইন আৰু NATO ৰ মাজৰ সম্পৰ্কচ্যুত হ’ব যেন লগা নাই আৰু ৰুাছিয়াই এই কথা সহজে মানি ল’ব নোৱাৰে। ইতিমধ্যে পুটিনে ইউক্ৰেইনৰ সৈতে যুদ্ধত লিপ্ত থকা বুলি ঘোষণা কৰে। ৰাছিয়াই নিজকে ভূল বুলি নাভাবে। নিজকে শুদ্ধ প্ৰতিপন্ন কৰিবলৈ ৰাছিয়াই কয়, NATO এ তেওঁলোকক চাৰিওফালৰ পৰা আৱৰি ৰখাৰ বাবে তেওঁলোকে এনে কৰিবলৈ বাধ্য হৈছে। ৰাছিয়াই হয়তো এতিয়াও বুজি উঠা নাই যে কাৰোঁ সৈতে বলপূৰ্বক বন্ধুত্ব ৰাখিব নোৱাৰি। কিন্তু এই সংঘাতে বিশ্বযুদ্ধৰ ৰূপ ল'বলৈ গৈ আছে নেকি, আন্তৰাষ্ট্ৰীয় সম্পৰ্কত ব্যাঘাত জন্মাব নেকি, সেয়া আগন্তুক সময়ত সকলোৱে বুজি উঠিব।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

1 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.